নীলাক্ষি Profile Banner
নীলাক্ষি Profile
নীলাক্ষি

@Nilakshi_Das_

Followers
67,087
Following
29,369
Media
1,411
Statuses
6,876

প্ৰেমৰ ৰঙেৰে ৰাঙলী মোৰ কবিতাৰ প্ৰতিটো শব্দৰ জখলাখনি, তুমি আহিবা বুলি বগাই আজিও ৰাখিছোঁ সযতনে সজাই শব্দৰ এধানি মৰমকলি। Ph.D. Research Scholar (MSSV)

Guwahati(Assam,India)
Joined April 2014
Don't wanna be here? Send us removal request.
Explore trending content on Musk Viewer
Pinned Tweet
@Nilakshi_Das_
নীলাক্ষি
2 years
ব্যক্তিগত অনুভৱবোৰ ব্যক্তিগত হৈ থকাটোৱে ভাল। সেয়া অন্য এজনে নিজৰ নামেৰে প্ৰচাৰ নকৰিলেই সুখী। কাৰণ অনুভৱবোৰ যে একান্ত ব্যক্তিগত আৰু চিৰস্থায়ী।
54
19
919
@Nilakshi_Das_
নীলাক্ষি
6 years
আপোনালোকলৈ এটি বিনম্ৰ অনুৰোধ,অনুগ্ৰহ কৰি মোৰ লিখনিক নকল কৰি নিজৰ নামত পৰিচয় নিদিব।মই সঁচাকৈয়ে কোনো বিখ্যাত সাহিত্যিক/কবি নহয়।মোৰ হৃদয়ৰ আবেগ অনুভূতিবোৰক নকল কৰি মোক দুখ নিদিব।এনেকুৱা কৰিলে মই আৰু কেতিয়াও একো নিলিখো সঁচাকৈয়ে। বিদ্ৰ : অনুগ্ৰহ কৰি ৰিটুইট অৰ্থাৎ চেয়াৰ কৰিব।
163
197
3K
@Nilakshi_Das_
নীলাক্ষি
7 years
কবি হ'বলৈ কেতিয়াও ইচ্ছা প্রকাশ কৰা নাছিলো,কিন্তু মৰহা ফুলৰ পাপৰিয়ে মোক যেন কবিলৈ ৰূপান্তৰ কৰিলে।
Tweet media one
111
48
1K
@Nilakshi_Das_
নীলাক্ষি
4 years
টুইটাৰ জখতখন ফেচবুকৰ দৰে জাৱৰ-জোঁথৰেৰে ভৰাই পেলাব ধৰিছে একাংশই।কিযে টুইট উলিয়াইছে কেইজনমানে"যদি তুমি অসমীয়া হয় ফলো বেক কৰা।অসমীয়াবোৰৰ ফলোৱাৰ বঢ়াব হ'ল.."ইত্যাদি ইত্যাদি।টুইটবোৰ যে অটোমেটিক ট্ৰেন্সলেট হয় অন্য ভাষালে জানেনে?আনে অসমীয়াক ফলোৱাৰৰ ভিক্ষাৰী বুলি হঁহা কাম কিয় কৰে?
68
28
752
@Nilakshi_Das_
নীলাক্ষি
4 years
এখন হৃদয় এটা কলিজা আৰু এজাক ভালপোৱা....।
Tweet media one
27
9
558
@Nilakshi_Das_
নীলাক্ষি
1 year
এই যে তোমাক পোৱাৰ দুৰ্বাৰ হেঁপাহ ক'তবাৰ থকাসৰকা হয় মোৰ আশা।
Tweet media one
46
4
547
@Nilakshi_Das_
নীলাক্ষি
4 years
নুসুধিবা তুমি কিমান ভালপোৱা বুলি হয়তো শব্দৰ জোখাৰে বুজাব নোৱাৰিম অনুভূতিৰ প্ৰতিচ্ছবি নিথৰ হৈ ৰ'ব মোৰ অনুভৱৰ ঠিকনাটি মৌন ৰূপেও বুজাব নোৱাৰিব তোমাক মনৰ কথাবোৰ খুলি শব্দহীন হৈ পৰিম মই তোমাক বুজাব নোৱাৰি।
39
25
546
@Nilakshi_Das_
নীলাক্ষি
4 years
বহাগৰ বৰদৈচিলাজনী.....।
Tweet media one
Tweet media two
57
3
525
@Nilakshi_Das_
নীলাক্ষি
3 years
কাগজী ফুলৰ সুবাস বিলোৱা হে অৰুন্ধতি অৰুণিমাৰ দেশত ফুলে জানো ৰাতিৰ বেলি সাৰ পাই জানো ৰ'দালিক ভেদি হাস্নাহানাৰ কথাকলি।
Tweet media one
25
8
514
@Nilakshi_Das_
নীলাক্ষি
3 years
এঢলীয়া সপোনৰ চিৰনতুন ঠিকনা .....।
Tweet media one
Tweet media two
25
12
501
@Nilakshi_Das_
নীলাক্ষি
4 years
তোমাৰ সেই নিৰ্ভেজাল হাঁহিবোৰৰ আঁৰত লুকাই থকা মৰমবোৰ....।
Tweet media one
Tweet media two
38
7
494
@Nilakshi_Das_
নীলাক্ষি
4 years
তুমি ভালপোৱা বাবেহে মই ধুনীয়া তোমাৰ ভালপোৱাইটো মোৰ প্ৰেৰণা হয়তো বহুতেই নেজানিৱ তোমাৰ কথা তোমাৰ প্ৰেৰণাই যে মোৰ জীৱনযোৰা সাধনা।
Tweet media one
20
7
491
@Nilakshi_Das_
নীলাক্ষি
3 years
বৰ্তমানৰ আশাতেই ভবিষ্যতৰ ঠিকনা...।
Tweet media one
28
9
494
@Nilakshi_Das_
নীলাক্ষি
4 years
সপোনবোৰ যেতিয়া গাভৰু হৈ উঠে......।
Tweet media one
23
11
470
@Nilakshi_Das_
নীলাক্ষি
4 years
সোণাৰু ফুলাৰ বেলা ৰ'দেও ঢাকি ল'ব বিচাৰে লাজত মৰহি যোৱা পাতখিলাৰ বেদনা।
Tweet media one
19
7
455
@Nilakshi_Das_
নীলাক্ষি
4 years
লঠঙা ডালৰ ন কুঁহিপাত অমিয় সৰগ বতৰাৰ অলেখ অযুহাত নকৈ ফুলা মাধুৰিমা এজাক চেনাই মোৰ তোমালৈ মৰম অপাৰ। আটাইলৈকে ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ ওলগ যাচিলো।
Tweet media one
28
8
446
@Nilakshi_Das_
নীলাক্ষি
4 years
আপোনালোকে মোক এটা কথা কওঁক মই কি লিখা মেলা বাদ দিয়াটো বিচাৰে নেকি?দেখা দেখিকে হুবহু নকল কৰে আৰু আনুগত্যৱো স্বীকাৰ নকৰে।লিখাৰ পিছ মুহূৰ্ততে দুটামান শব্দ সলাই নকল কৰে।কি তাৰমানে?দুখ লাগে বহুত।ইমান ব্যস্ততাৰ পিছতো সময় উলিয়াও আপোনালোকলে।আৰু আপোনালোক...।লিখিবলে ইচ্ছা নোযোৱা হৈ গৈছে
57
5
438
@Nilakshi_Das_
নীলাক্ষি
3 years
মই অভিমানী তোমাৰ মৰমৰ আলসুৱাজনী আধৰুৱা সপোনৰ পমখেদি তোমাৰ বুকুতে লৈছোহি থিতাপি। ওপজাদিন বুলি নিজলৈকো এগালমান ভালপোৱা।ভগবানে মোৰ মনোকামনাবোৰ পূৰণ কৰিব বুলি সদায় আশাৰে বাট চাওঁ কিন্তু শেষত পূৰণ নহৈগৈ।
Tweet media one
36
10
429
@Nilakshi_Das_
নীলাক্ষি
4 years
গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতকোত্তৰ চূৰান্ত বৰ্ষৰ সদ্যঘোষিত ফলাফলত প্ৰথম শ্ৰেণীৰ ১০স্থানৰ অধিকাৰী হ'বলৈ পাই সঁচাকৈয়ে সুখী।ধন্যবাদ শ্ৰদ্ধাৰ শিক্ষাগুৰু আৰু মা-পাপা সদায় সহায় সহযোগ কৰাৰ বাবে।ধন্যবাদ ভাইটি।ধন্যবাদ @borah_sanju এই যাত্ৰাপথত সদায় উৎসাহ দিয়াৰ বাবে।
82
8
418
@Nilakshi_Das_
নীলাক্ষি
7 years
মই কোনো কবি নহয়, নাই মোৰ কোনো কবিত্বময়ী কলা।
Tweet media one
41
25
412
@Nilakshi_Das_
নীলাক্ষি
4 years
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২৮তম দীক্ষান্ত সমাৰোহত আনুষ্ঠানিকভাবে অসমীয়া ভাষাত স্নাতকোত্তৰ ডিগ্ৰী লাভ। বিদ্ৰ : জীৱনত আৰু বহুত শিকিবলৈ বাকী।বহু সপোন পুৰণ হ'বলে বাকী।নেজানো সফলতাৰ মুখ দেখিম নে নেদেখিম।কৰ্ম কৰিম।বাকী ঈশ্বৰৰ হাতত।
Tweet media one
Tweet media two
45
7
407
@Nilakshi_Das_
নীলাক্ষি
4 years
লকডাউনে জীৱনটোক নতুনভাৱে জীয়াবলে শিকালে.....। বিদ্ৰ : অৱশ্যে হাতখন পাকৈত নহয়দে বাৰু।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
38
6
410
@Nilakshi_Das_
নীলাক্ষি
3 years
ফাগুন নামিছে পলাশৰ ৰং হৈ লেফাফাত প্ৰেমৰ ঠিকনা লৈ....।
Tweet media one
16
9
390
@Nilakshi_Das_
নীলাক্ষি
6 months
কাহানিও থমকি নোৰোৱা হৃদয়খন আজি থমকি ৰ'ল....।
Tweet media one
27
1
394
@Nilakshi_Das_
নীলাক্ষি
4 years
খুলে দেও এখানে চুলের বাদল তোমার ঝুমকো কানের দুল মিষ্টি হাঁসের কতো রূপ পায়ে নূপুৰ অপরূপ লাল শাড়িতে তুমি সুন্দরী উষ্ণ নয়নের এলোমেলো রাত্রি।
Tweet media one
Tweet media two
31
6
375
@Nilakshi_Das_
নীলাক্ষি
2 years
জীৱনৰ ৰং কিছু আখৰ কিছু বাখৰ।
Tweet media one
8
1
383
@Nilakshi_Das_
নীলাক্ষি
4 years
এগালমান মৰমৰ এৰাবাৰীখনি তাতেই সাজিম সপোনৰ ঘৰখনি দুগালেৰে সৰিব মৰম এটুপি দুটুপি সাজিম বৰঘৰত ৰভাতলি তৰি আপোন ঘৰখনি দুহাতধৰি উশাহত বাজিব প্ৰেমৰ গান প্ৰতিদিনেই যাচিম মৰম এসোপামান জপনাত থাকিব খৰিকাজাইজুপি তাতেই ফুলিব মৰমৰ কলি।
25
13
371
@Nilakshi_Das_
নীলাক্ষি
4 years
শিহৰণ হৈ জাগিব অলেখ ভাষা উকা ৰাতিৰ চাদৰত সাঁচি থম অনেক আশা অভিমান হৈ সৰিব দুগালেৰে মুকুতা কাষলৈ নহাৰ যে ভেম এসোপা শেষ নোহোৱাকৈ থাকি যাব অশেষ কথা চটফটাই উঠিব অভিমানী কলিজা কাষত নাথাকিলে তুমি সকলোবোৰে মিছা।
16
9
367
@Nilakshi_Das_
নীলাক্ষি
2 years
বসন্তৰ স্তৱকত বহাগৰ নক্সা কপৌপাহে গুজি ল'লে আগলি বাঁহৰ গগনা মেঘৰ চেঁকুৰনিত ঢোলৰ জাননী আইৰ ঘৰৰ পৰা আহে বৰদৈচিলাজনী।
Tweet media one
20
3
366
@Nilakshi_Das_
নীলাক্ষি
4 years
তুমি সাঁচি ৰখা অভিমানে হাত বাউলি দিয়ে এমুঠি মৰম যতনাই ৰখা খঙবোৰৰ লগত পোৱা নোপোৱাৰ থেহ এগালমান কলিজা শীতল পৰিলে আকৌ আহিবা তুমি দুচকুৰ নীলাৰে নিগৰি যাব মোৰ মৰম ভালপোৱাৰ কথাবোৰ দুবাহুৰ মাজত সাঁচি ৰাখিবা মোক সদায় একেদৰে বুকুত সাবটি লৈ কথা দিলো মই নহওঁ আনৰ এবেলিও তোমাক এৰি থৈ।
27
12
358
@Nilakshi_Das_
নীলাক্ষি
4 years
জন্মতিথি ফাগুনী ৰঙৰ উৎসৱৰ ক্ষণত আগমনৰ জাননী পলাশী মেঘালী ফাগুনৰ আকাশত যৌৱনৰ ধেমালি শিমলু কোমল এমোকৰা হাঁহি সৰাপাতৰ ভাজত সপোনৰ জিলমিলনি। পোনপ্ৰথমে শুভ জন্মদিন মইৰূপী ফাগুনীজনীলে।ভগৱানৰ ওচৰত সকলো সপোন পূৰণ হোৱাৰ আশীষ বিচাৰি আজিৰ দিনটোৰ শুভ আৰম্ভণি।
Tweet media one
51
11
348
@Nilakshi_Das_
নীলাক্ষি
3 years
কুঁহিপাত কোমল বহাগীৰ বেণু বসন্তৰ আগমনৰ ফুলে আশাৰ ৰেণু খোপাত কপৌফুল মেৰিয়াই আজলী তনু বহাগলৈনো ক'ত দূৰ শ্যামকানু। ( আটাইলে ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ )
Tweet media one
Tweet media two
19
7
349
@Nilakshi_Das_
নীলাক্ষি
1 year
শব্দবোৰ এদিন বন্ধ হৃদয়ৰ দুৱাৰ ভেদি নিগৰি ওলাব, তোমাৰ বেলকনিত ভেজা দি ওলমিব, তুমি জানো বুটলি লবা আদৰেৰে তাক? যাচিবা জানো অভিমানী মৰম এজাক?
Tweet media one
22
10
356
@Nilakshi_Das_
নীলাক্ষি
4 years
এনেকৈয়ে হয়তো শেষ হ'ব তোমাক লগ পোৱাৰ হেঁপাহবোৰ বুকুতেই সামৰণি মাৰিব দুহাত ধৰি চিঞৰি চিঞৰি ক'ব বিচৰা কথাবোৰ কাহানিও হয়তো লগ নাপাম তোমাৰ ওঁঠত জিলিকি উঠা কেঁচা হাঁহিবোৰ এনেকৈয়ে এদিন শেষ হৈ যাব কম বুলি ৰৈ থকা বুকুৰ মৰমবোৰ।
18
20
348
@Nilakshi_Das_
নীলাক্ষি
4 years
চমু চাপি অহা মৃত্যু বিভিষিকা তথাপিও মন যায় সপোন অভিমুখে। শেষ ইচ্ছা বুলি শুধিলে চাৰিখন ঠাই য'ত মই প্ৰিয়জনৰ লগত যাব বিচাৰো মৃত্যুৰ আগমূহুৰ্তত হ'লেও - কেদাৰনাথ, বদ্ৰীনাথ, অমৰনাথ, লাডাখ। আপোনালোকৰ বাৰু এনেকুৱা ইচ্ছা আছেনে জনাবচোন?
Tweet media one
Tweet media two
Tweet media three
Tweet media four
30
14
340
@Nilakshi_Das_
নীল���ক্ষি
5 years
হালধীয়া জোনে মিতিৰালি পাতিব সময়ৰ লগত সন্ধিয়াৰ আকাশত....।
Tweet media one
16
4
338
@Nilakshi_Das_
নীলাক্ষি
10 months
থাককচোন সময়বোৰ এনেদৰে মেঘৰ ছাঁৰ মাজে মাজে জিৰণি ল'ব পাৰিব সন্ধিয়াৰ বেলিয়ে থাককচোন তেনেদৰে আগৰ লেখীয়াকে।
Tweet media one
13
3
336
@Nilakshi_Das_
নীলাক্ষি
3 years
এজোৰ পোচাক আৰু জৰাজীৰ্ণ জীৱন সস্তীয়া বজাৰত হয়তো মূল্যনো কি সপোনৰ তথাপিও পাখি মেলে ধূসৰ সময়ৰ অবৰ্ণনীয় আশাই স্বপ্নক দিঠকত ৰূপান্তৰিত কৰাৰ যেন অদম্য হেঁপাহ। (বিদ্র : শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয় এখনৰ ছাত্ৰী হিচাপে পোচাকযোৰত হয়টো এয়াই শেষ স্মৃতি হ'বগৈ)
Tweet media one
Tweet media two
18
4
336
@Nilakshi_Das_
নীলাক্ষি
3 years
তুমি পলাশ হোৱা মই তোমাৰ বুকুৰ ৰঙাবোৰত নিজকে সাচতিয়াই ৰাখিম যাযাবৰী নৈৰ বুকুত ভটিয়াই গৈ তোমাৰ বুকুলৈ ধাপলি মেলিম তোমাৰ ওঠৰ ভাঁজে ভাঁজে ৰঙাবোৰ গুজি দিম নতুনকৈ ফুলি উঠা পাহিবোৰত আশাৰ ৰেঙনি বিচাৰি ফুৰিম সেয়েহে তুমি পলাশ হোৱা।
26
10
340
@Nilakshi_Das_
নীলাক্ষি
1 year
শীত মানেই ভালপোৱাৰ পৃষ্ঠাত বুকু ভৰাই লিখা কুঁৱলিৰ বতৰা তপত জুইত সেকি সেকি লোৱা দুহাতৰ তলুৱা।
Tweet media one
Tweet media two
12
2
337
@Nilakshi_Das_
নীলাক্ষি
4 years
সৰু সৰু অনুভৱ সৰু সৰু ঠিকনা আৰু সৰু সৰু কবিতাবোৰ এয়াইটো জীৱন মোৰ...।
10
8
324
@Nilakshi_Das_
নীলাক্ষি
4 years
তেওঁৰ দুবাহুৰ আলিংগনত কঁপি উঠা ওঁঠৰ পাপৰিয়ে লাজত ওৰণি ঢাকি ধৰে চাদৰ জোনটোৱেও কুচিমুচি মেঘৰ বুকুত মুখনি গুজি ল'লে চুটি উশাহৰ মাজত এবেলা মৰমৰ বোৱতী সুঁতি ব'বলে ধৰে শিতানৰ জোনাক বাগৰি আহি থমকিব খোজা উশাহত প্ৰাণৰ পাপৰি গুজি দিলে।
26
10
324
@Nilakshi_Das_
নীলাক্ষি
3 years
নিথৰুৱা হৃদয়ক বুজাবলৈ নকৰিবা তুমি শব্দৰ অপচয় ম'ম দৰে গলি গলি ই নিঃশেষ হ'ব প্ৰতিটো নিশাত বেদনাৰ চিতা, জিলিৰ মাতত সাৰ পাই উঠিব ক'ত ৰাতি শুই থকা অনুভৱৰ কথা, অৰ্তনাদ হৃদয়ৰ এমুঠি ৰাগহৈ ৰাতিৰ নিৰ্জনতাকো সুৰৰ প্ৰাণ দিব, চিতাৰ অগ্নিবীণাক এটুপি সুখ যাচিবলৈ আৰু ক'ত ৰাতিবা উজাগৰে থাকিব।
17
15
327
@Nilakshi_Das_
নীলাক্ষি
2 years
ভালে থাকক ভালপোৱাবোৰ উপচি পৰক চিৰযৌৱনীয়া হাঁহি হাতে হাত ধৰাৰ ধেমালি, কুশলে থাকক সেই সময়বোৰ জেতুকাবুলীয়া দুহাতৰ পৰশ লাগি ফাগুনে জোকাই গৈ দুগাল ৰঙাকৰা পলাশি। আজিয়ে এই অকবিজনাৰ ওপজা তিথি।আশীৰ্বাদ কৰিব যাতে কুশলে থাকিব পাৰো অনাগত দিন।
Tweet media one
26
5
322
@Nilakshi_Das_
নীলাক্ষি
4 years
চিগাৰেটৰ ধোৱাত বিষাদৰ জয়মালা নষ্ট কন্যা আৰু এটি তৰা আকাশৰ বিশাল বাহুৰ মাজত নগন্য এখন ভগা কলিজা কলা ডাৱৰেৰে খহিপৰা শব্দপ্ৰপাত টুকুৰা মেঘদূতৰ চিঠিত তাইৰ হৃদয়ৰ বতৰা মাজনিশাৰ আৰ্তনাদ আৰু ক'তো যন্ত্ৰণা।
16
9
324
@Nilakshi_Das_
নীলাক্ষি
4 years
দাও দাওকৈ জ্বলি উঠে খাণ্ডব দাহৰ জুইকুৰা হৃদয়ত ক'লা-মোকাম ছাইৰ ৰক্তবীজ সিঁচি তেজ মঙহৰ দেহবোৰ ছেদেলি-ভেদেলি হৈ পৰি ৰৈ স্মৃতিৰ অন্ধকাৰময় কোঠালীত।
9
12
317
@Nilakshi_Das_
নীলাক্ষি
4 years
চঞ্চল নূপুৰৰ ৰুণজুন ধ্বনি গাগৰি কঁকালৰ খহি পৰে সৰি দুগাল ৰঙা কৰি সুলভ অভিমানী কান্দো নে নেকান্দোকৈ তাইৰ চকুজুৰি।
26
2
315
@Nilakshi_Das_
নীলাক্ষি
4 years
প্ৰকৃতিৰ এই মোহিনীবেলা আলিংগন অশুনাভৰ প্ৰভাতি অলংকৃতা, অধিৰথী ধৰণীৰ অভিমান শ্যামলা, সেউজৰাণীৰ হাঁহিৰ থুনুপা জগত বিমোহিতা প্ৰকৃতি অপৰূপা। #savedihingpatkai
14
12
314
@Nilakshi_Das_
নীলাক্ষি
5 years
তপ্ত শিখাৰ জলন্ত বহ্নি আৰেঙত জিলিকে অভিমানী মুখখনি।
Tweet media one
20
7
315
@Nilakshi_Das_
নীলাক্ষি
2 years
তুমি ভবাৰ দৰে ধুনীয়া নহয় মই অৱশ্যে কুৰূপতা মোৰ স্বাভিমান মোৰো আছে এটি আত্মবিশ্বাসী মন।
Tweet media one
16
3
312
@Nilakshi_Das_
নীলাক্ষি
2 months
জবাবদিহি ফাগুণ....🍂
Tweet media one
21
2
323
@Nilakshi_Das_
নীলাক্ষি
2 years
তৰুণ মেঘৰ কোমল ছাত দুপৰৰ ৰ'দালি সপোন কুঁৱৰীত কবিতা এমুঠি আৰু এলানি হাঁহি।
Tweet media one
12
0
317
@Nilakshi_Das_
নীলাক্ষি
5 years
খেয়ালী মনৰ ছোৱালীজনী....।
Tweet media one
13
4
310
@Nilakshi_Das_
নীলাক্ষি
4 years
ৰুগ্ন হৃদয়ৰ গোলা বাৰুদ তেজেৰে ৰক্ত অভিযান সমৰৰ বিক্ৰিত মানসিকতাৰ ৰাষ্ট্ৰদোহী ধ্বংসযজ্ঞ মানৱৰূপী কাপুৰুষৰ।
6
16
306
@Nilakshi_Das_
নীলাক্ষি
5 years
কেলৈ ফুলিলি চেনেহী মদাৰ ঐ বুকুত এঙাৰফুলীয়া বেজাৰ লৈ ফাগুনী আকাশৰ গাত ৰাঙলী আচল থৈ কেলৈনো আনিলি বিষাদৰ বিননি ঐ।
Tweet media one
26
8
306
@Nilakshi_Das_
নীলাক্ষি
3 years
অনুভৱবোৰ সদায় সজীৱ হৈ থাকক তেওঁৰ হৃদয়ৰ পৰা মোৰ হৃদয়লৈ নিৰাশাৰ পৰা আশাৰ দুৱাৰদলিলৈ নিৰ্জীৱতাৰ পৰা সজীৱতালৈ তেওঁৰ অনুভূতিৰ পৰা মোৰ অনুভূতিলৈ অনুভৱবোৰ সদায়ে সজীৱ হৈ থাকক।
14
13
318
@Nilakshi_Das_
নীলাক্ষি
4 years
আজৰি বুলি ঘৰতেই ৰসমলাই বনাব চেষ্টা কৰিলো অকনমান....। (বিদ্ৰ: পাকৈত নহয়দেই বাৰু মই)
Tweet media one
28
1
310
@Nilakshi_Das_
নীলাক্ষি
6 months
সুখী হোৱাৰ কথা আছিল.....💔
Tweet media one
22
3
313
@Nilakshi_Das_
নীলাক্ষি
3 years
ক্ষণিকৰ বাবেও দুখ নালাগে তোমাৰ পৰা আঁতৰি যোৱা অনুভৱে কেতিয়াবা মোক চিন্তিত কৰি তোলে অৱশ্যে তুমি সুখী মই জানো আধৰুৱা স্মৃতিক এলাগি কৰিব পাৰিছা তুমি সম্ভেদ পাইছা নতুন সুখৰ ঠিকনাটিত আশাৰ ৰেঙনি পিছে তোমাৰ জানো কেতিয়াও মনত নপৰে মুকলি আকাশৰ তলত সপোন ৰচা হেঁপাহৰ স্বপ্নটি?
16
4
311
@Nilakshi_Das_
নীলাক্ষি
4 years
নিমাতী মৰমৰ এখুদমান অভিমান নিৰব নয়নৰ অশ্ৰুপ্ৰপাত এধানিমান নিয়ৰ টোপাল যেন অজস্ৰ ভেম নীলিম আকাশত এখোজ প্রেম।
10
6
309
@Nilakshi_Das_
নীলাক্ষি
5 years
MA কৰাৰ কোনো মূল্যয়ে নাই নেকি?আমি কোনো এটা বিষয়ত MAত সুখ্যাতিৰে 1st class লৈয়ো BEd নথকা বাবে এখন হাইস্কুল বিষয় শিক্ষকৰ পদৰ বাবে সদায় অযোগ্য যে @himantabiswa চাৰ?এনেকুৱা কিয়?আমিবোৰ ইমান অযোগ্য নে?বহু কষ্ট কৰি পঢ়া শুনা কৰিছোঁ।মনবোৰ ভাগি যায় পদ্ধতিবোৰ দেখিলে।
42
17
306
@Nilakshi_Das_
নীলাক্ষি
2 years
নিৰৱতাৰ পৰিধি ভাঙি বিশালতাৰ সাঁকো সাঁজি শব্দবোৰ ভটিয়াই আহে সুগভীৰ সংজ্ঞা লৈ কঢ়িয়াই আনে ভালপোৱাৰ বাতৰা সুখ দুখত সমভাগী হোৱাৰ কথা।
Tweet media one
10
1
298
@Nilakshi_Das_
নীলাক্ষি
4 years
মই তোমাক সাঁচিপাত দিম তাত তুমি শব্দ সিঁচিবা নৌকাৰে ভতিয়াই যোৱা ইতিহাসবোৰ লিখিবা লাচিতৰ বীৰত্বক শ-শ্ৰদ্ধে সুৱৰিবা মূলাগাভৰুৰ আত্মবলিদানক নতশীৰে প্ৰণামিবা বুৰঞ্জীৰ পৃষ্ঠাত সোণগুটি তুলিবা ইতিসাৰৰ কালজয়ি সোঁৱৰণি ৰচিবা।
14
12
301
@Nilakshi_Das_
নীলাক্ষি
4 years
হাবিয়াসবোৰ খুবেই থুনুকা প্ৰিয়জনৰ প্ৰয়োজনৰ দৰেই লেহুকা মম হৈ গলি যায় মৰমবোৰ শেষত অভিমানবোৰ মোহাৰি পেলাই ভৰিৰ খোজত।
10
9
300
@Nilakshi_Das_
নীলাক্ষি
4 years
সৃষ্টিৰ আঁৰত অন্যতম লেখা মহান সাহিত্যিকৰ অতুলনীয় সৃজনকলা ইতিহাসৰ পুত্তলিকাত সোঁৱৰণীৰ গাঠা কাদম্বৰী কিম্বা বাসৱদত্তাৰ ৰূপ চৰ্চা অতর্কিতে পুনৰাবৃত্তি প্ৰেম কথা সৃজনীশীল প্ৰতিভাৰ ভোটা তৰা।
7
9
299
@Nilakshi_Das_
নীলাক্ষি
3 years
ফাগুনৰ সৰাপাত আৰু মৰহি যোৱা পলাশৰ হাঁহি অবকাশ পালে উভতি চাবাহি বিশ্ৰামহীন প্ৰেমৰ কথাবোৰ আজি, মৰমৰ এনাজৰী আৰু তাতেই গাঁঠি থোৱা ঠুনুকা কলিজাটি নিয়ৰৰ টোপালত জিলিকি উঠে দুচকুৰ মণি, অবকাশ পালে উভতি চাবাহি আকৌ জিৰাবালৈ মোৰ বুকুত সুখৰ দিনবোৰৰ ক্ষণগণি।
31
14
301
@Nilakshi_Das_
নীলাক্ষি
4 years
উচ্চল বুকুৰ মাজেৰে ঢৌ খেলে নিশাৰ উজাগৰী কথাবোৰ খেলিমেলি চুলিৰ মাজেৰে মেৰিয়াই গঠা সপোনবোৰ আঙুলিৰ চেঁচা পৰশত নামি আহে নিশাৰ মাদকতা মেৰিয়াই লোৱা চাদৰৰ ভাজত খোল খাই মৰমৰ নমুনা মাজনিশা নূপুৰৰ ধ্বনিত সাৰ পাই উঠে জোনাকী আভা বাঢ়ি অহা বুকুৰ উশাহত যৌৱনে আমনি কৰা এচোৱা কবিতা
33
6
296
@Nilakshi_Das_
নীলাক্ষি
4 years
ছঁয়াময়া সপোনৰ আংবাং ছবি বুকুৰ মাজত জ্বলে কেঁচা জুইৰ ছটফটনি ছদ্মৰূপী দিঠকত মৌনতাৰ কাহিনী উৰুখা ফাগুনৰ চলনাময়ী হাঁহি।
19
13
290
@Nilakshi_Das_
নীলাক্ষি
4 years
কাল ৰাত্ৰিৰ উকা চাদৰত সাঁচি ৰখা নিষ্ঠুৰ বৈধব্য নিয়তিৰ শুকান সৰাপাতত নৰক যাতনা খোদিত কপাহী চুলিত আয়ুসৰ সোণোৱালী সূতা লেচা তিৰবিৰাই দুচকুত মুকুটামণিৰ নিজৰা জাৰৰ দিনৰ টিটা কম্বল মেৰিওৱা থৰ-থৰ শৰীৰত নিখোজ ভাৱনা সন্তানৰ মুখত হাঁহিৰ লিপ্সা নিয়তিৰ সমুখত হাৰ নমনা প্ৰতিজ্ঞা।
17
10
294
@Nilakshi_Das_
নীলাক্ষি
4 years
তৰাফুলীয়া ৰাতিৰ শয়নসজ্জা কামিনীকুসুমেৰে সজ্জিত কেশসজ্জা উষ্ম আলিঙ্গনত আশ্বাস ভালপোৱাৰ শিৰে শিৰে বয় ভাৱনা উদ্বিগ্নতাৰ ভবিষ্যতৰ প্ৰত্যাশাত অজস্ৰ আশা জীৱনৰ শেষ উশাহ প্ৰিয়তমৰ উচৰ্গা।
10
6
294
@Nilakshi_Das_
নীলাক্ষি
4 years
বুকুৰ মাজত মেৰিয়াই সূৰ্য্যলতা অংগৰাণীৰ তপত উষ্ণতা শয়নপ্রভাৰ এয়ামুৰি হুমুনিয়াহ উঠা প্ৰাণসখী ৰাধিকা মোহন।
7
11
296
@Nilakshi_Das_
নীলাক্ষি
4 years
বুকু পাতি লৈছো হিয়াৰ বেদনা ফুলশয্যাৰ নিশা ৰিক্ত হৃদয়ত তিক্ত কথা আৰুনো কিমান দিবা বেদনা গধুৰ প্ৰতাৰণা ভেজাল হাঁহিৰ আঁৰৰ সস্তীয়া মৰম এসোপা যেন জড় পদাৰ্থৰহে আবৰ্জনা দেহ পুৰি শেষ হোৱা জলন্ত চিতাজুইকুৰা বুকু পাতি সাবটিছো নিবিড় নীৰৱতা ফুলশয্যাৰ নিশা পুৰি ছাৰখাৰ সপোন মাধুৰিমা।
28
10
294
@Nilakshi_Das_
নীলাক্ষি
3 years
লৈ যা ফাগুন মোক উৰুৱাই পচোৱাৰ দেশলৈ বা হৈ বলিবি পলাশ মাধুৰী ঐ দুবাহুত শিমলুৰ বতৰা লৈ জেতুকা বুলীয়া কলিজাৰ সপোন ঐ মদাৰৰ ৰঙা ৰং সিচি থৈ উৰুৱাই নি মোক তোৰ দেশলৈ চিৰদিন চিৰকাললৈ।
20
13
291
@Nilakshi_Das_
নীলাক্ষি
2 years
আকৌ এবাৰ তোমাৰ প্রেমত পৰিম তুমি ভাল নাপালেও মই হিয়া উজাৰি দিম আঁতৰে আঁতৰে থাকিবা মোৰ পৰা তুমি মই পিছে তোমাক দুহাত ধৰি প্ৰতিশ্ৰুতি দিম একেদৰে থাকিব তোমাৰ অভিমানবোৰ তুমি খং কৰিলে মই মুঠি ভৰাই মৰম বুটলি আনিম।
31
11
291
@Nilakshi_Das_
নীলাক্ষি
4 years
স্বপ্ন বিলাষী লগ্নজীতা নৱদীপা স্বৰূপ বিভূষিতা মূৰ্ত হৃদয়ৰ মানসপ্ৰতিমা সৃষ্টিকলাৰ অতুল্য নৱকল্পিকা।
4
10
290
@Nilakshi_Das_
নীলাক্ষি
4 years
নিয়ৰৰ টোপাল হৈ সৰে কাষলে আহিলে তুমি দুচকুৰ চকুলোধাৰি অভিমান ভৰা মুখখনি গুজি দিম বুকুত সাবটি।
9
6
289
@Nilakshi_Das_
নীলাক্ষি
4 years
এই আতংকৰ অন্ত ক'ত ত্ৰাহিমাম বিশ্বৰ উদ্ধাৰকৰ্তা ক'ত কলংকিত ইতিহাসৰ শেষ ক'ত? (১) হ'বনে আৰম্ভণি নতুন যুগৰ মেলিবনে পোষা সপোনবোৰৰ ফুলিবনে ফুল নতুন সুৰুযৰ! (২)
6
12
285
@Nilakshi_Das_
নীলাক্ষি
4 years
জীয়াই থাকিব বিচাৰো তোমাৰ সৈতে অফুৰন্ত উশাহবোৰৰ মাজেৰে জীৱনৰ শেষ সন্ধিয়ালে।
14
7
288
@Nilakshi_Das_
নীলাক্ষি
5 years
২০১৯ৰ প্ৰথমতেই এটি সুখৰ বাৰ্তা পাই ভাল লাগিল।যেনেকৈয়ে কি নহওঁক অশেষ প্ৰচেষ্টাৰ অন্তত NET পৰীক্ষাটো সফলতাৰে উত্তীৰ্ণ হ'লো।
Tweet media one
69
3
280
@Nilakshi_Das_
নীলাক্ষি
4 years
ঢলিপৰা সন্ধিয়াৰ সুৰুযকান্তি আবেলিপৰৰ উভতনি পক্ষী কোকিলকন্ঠৰে পঞ্চতান জুৰি সন্ধ্যা হৈ নামিব ভূপালী ৰাগি তানপুৰাৰ সংগমী গীতিমালিনী গধূলীপৰৰ গোঁসাই বন্তিগচি অমৰাপুৰী যেন দৃশ্যপটহে এটি।
3
6
281
@Nilakshi_Das_
নীলাক্ষি
4 years
finally Assam TET qualified at Uper Primary level. (বিদ্ৰঃ এতিয়াও জীৱনটোত বহু কৰ্মই বাকী)
45
3
281
@Nilakshi_Das_
নীলাক্ষি
3 years
আকৌ উৎফুল্লিত হ'ব নতুন সুৰুয নব্য প্ৰহৰৰ নতুন সুৰে ৰিঙিয়াব পোহৰক নতুন দিশলে শতপ্ৰহৰীৰ নতুন দলে ৰচিব ইতিহাস নতুনৰূপত নৱতম সৃষ্টিৰে।
6
13
283
@Nilakshi_Das_
নীলাক্ষি
4 years
মৌনতাৰ কোলাহলত ৰিণিকি উঠা এবুকু সুশ্ৰাব্য শব্দ কাব্যিক হৃদয়ৰ অংগলেখন কাৰুণ্য শ্বেতপত্ৰত আদ্ৰিয়মাণ অনুভূতিৰ অবাক চিত্ৰ অংকশায়িনীৰ হৃদয় প্ৰতিমা।
10
11
282
@Nilakshi_Das_
নীলাক্ষি
6 years
আৰুনো ক'বলে আছেইবা কি, প্ৰেম বুলিবলে তুমি আৰু মই মাথো এখনি ছবি, বৰষুণৰ টোপালত সজীৱ হৈ ৰোৱা কৃষ্ণচূড়াৰ দেশৰ একোটি প্ৰতিমূৰ্তি। স্থান :- গুৱাহাটী বিশ্ববিদ্যালয়।
Tweet media one
20
12
277
@Nilakshi_Das_
নীলাক্ষি
4 years
যৌৱনে আমনি কৰা এচাটি ধুমুহা.....।
17
3
283
@Nilakshi_Das_
নীলাক্ষি
3 years
কেঁচা কলিজাৰ উদং সপোন ��িৰবিৰাই চকুত ভাবনাৰ দাপোন থাউকতে সৰি পৰে চকুলোৰ অভিমান পোৱা নোপোৱা ক'ত যাতনাৰ গান।
14
9
279
@Nilakshi_Das_
নীলাক্ষি
4 years
জীয়াই থাকিব বিচাৰো সপোনবোৰৰ মাজত আভ্যন্তৰীণ মাদকতা শেষ হোৱা জীৱনটোৰ শেষত।
10
4
273
@Nilakshi_Das_
নীলাক্ষি
3 years
এই যে মোৰ মৰুভূমিময় জীৱন ৰুক্ষ আকাশৰ তলত ক'তবাৰ প্ৰস্ফুটিত হয় ভগ্ন আশা থিতাতেই ফুলি মৰহি যায় নোপোৱাৰ বেদনা কেকটাচৰ দৰে গজালি মেলে ধূসৰ বালিতো হেঁপাহৰ ছা এই যে মোৰ মৰুভূমিময় জীৱন ফুলিব জানো কেতিয়াবা মোৰ আশাৰ বতৰা? মচিব পাৰিম জানো পোৱা নোপোৱাৰ মাজত ৰৈ যোৱা হতাশাৰ চুকুলোধাৰা?
16
10
282
@Nilakshi_Das_
নীলাক্ষি
4 years
��মকি উঠা উশাহৰ মাজত তেওঁৰ চুটি চুটি সপোনবোৰ ভালপোৱাৰ পংক্তিবোৰৰ লগত এগালমান মৰমৰ অভিমানবোৰ বুকুৰে বাগৰি আহে শিতানৰ জোনাক ধৰি লম মুঠিতে তেওঁৰ দুহাত প্ৰাণ উঠিব ৰাতিৰ গৰিমা কাষতে পাই তেওঁক হিয়াৰ দলিচাত উশাহে উশাহক যাচিব আলিংগন উজাগৰী নিশাৰ মধুলগন।
16
9
274
@Nilakshi_Das_
নীলাক্ষি
4 years
তাইৰ কায়িক ৰূপে নগ্ন বাসনাক আৱৰেৰে মেৰিয়াই কপাহী চুলিত নিয়ৰ সৰি ৰয়, কুমকুমৰে আবিৰ সানি লৈ দুভৰিত নূপৰে সপোন বুটলি লয়, পুষ্প শৃংগাৰৰে বসন মেৰিয়াই খামুচিয়া কঁকালত যৌৱন ধৰি লয়, দুচকুৰ পলকত প্ৰেমৰ মহিমা লৈ ওঁঠৰ ভাঁজত হাঁহি খামুচি লৈ তাইৰ ৰূপত কামনা জৰ্জৰিত হয়।
18
15
270
@Nilakshi_Das_
নীলাক্ষি
4 years
উকা কাগজত ওলমি ফুৰা এবুকু শব্দ মৌনতাৰ গাঁঠিয়নি টোপালা চেহেৰাত বিৰিঙে এশ এবুৰি ভাৱনা কাঠচিতীয়া সপোনৰ এমোকৰা হাঁহি চেনেহী অভিমান এধানি হাস্নাহানাৰ বুকু জুৰি।
13
7
279
@Nilakshi_Das_
নীলাক্ষি
1 year
মাজে সময়ে মৃত্যুবোৰ চুই চাবলৈ মন যায় কিজানিবা তাতেই সুখৰ সন্ধান ওলাই!
Tweet media one
Tweet media two
Tweet media three
Tweet media four
12
1
280
@Nilakshi_Das_
নীলাক্ষি
3 years
হাঁহিবোৰ তেনেই ঠুনুকা এঠুপমান ভাবনাৰে ভৰা যতনাই ৰাখে তাতেই অভিমানৰ টোপালা নিয়ৰৰ ঠিকনা যেন দুগালত নিজৰা ভালপোৱাৱো এক হাঁহিৰে সংজ্ঞা এগালমান মৰমৰ এমুঠি হিয়া।
23
9
278
@Nilakshi_Das_
নীলাক্ষি
2 years
ৰ'দালিৰ ভাজে মাজে শব্দৰ তন্ময়তা, আকাশ ভেদি আহে প্ৰথম প্ৰহৰৰ ৰাতিপুৱা।
Tweet media one
9
2
277
@Nilakshi_Das_
নীলাক্ষি
4 years
ভোমোৰাই চুমী লোৱা ওঁঠৰ পাপৰি ফুল হৈ দোলে কাণপাহিৰ চুলি সেউতাৰ আঁৰত পলাশী ৰঙা ওৰণিৰ মাজত এখনি চেহেৰা দুভৰিৰ জেতুকাত এখোজ সপোন উৰুলিৰ মাজত এজাক আপোন লাজত মৰহি যোৱা লাজুকীলতা দুপৰ কলি যেন নিমাতী কইনা।
16
6
274
@Nilakshi_Das_
নীলাক্ষি
3 years
শূণ্য বুকুৰ অনুভৱী শিহৰণ অনুভূতিৰে উজাগৰী ক'ত ক্ষণ ক্লান্ত সময়ত নিৰৱতাৰ নিবিৰ আকৰ্ষণ ক্ৰমশঃ থমকি ৰ'ব স্মৃতি নিৰন্তন।
10
6
274
@Nilakshi_Das_
নীলাক্ষি
3 years
এখনি নীলা খামৰ চিঠি মাৰফৎ তোমাৰ চহৰলৈ...। ডাকোৱাল পচোৱাই দিব জানো বতৰা শেষ নিশাৰ গানত মোৰ আগমনৰ! ফাগুনৰ সৰাপাতে পাতে জাগিব জানো আশা তোমাৰ চহৰত ফুলিবনে পলাশৰ দলিচা মোৰ আগমনত! লিখিবা নহয় তুমি কবিতা এমুঠি মৰমৰ।
18
8
272
@Nilakshi_Das_
নীলাক্ষি
4 years
শুনিছানে প্ৰাণ সখী বীণাৰ বিননি প্ৰাণখুলি খোৱা নিৰৱতাৰ ব্যাধি শস্য শ্যামলা শৰতৰ ৰাণী দেখিছানে চেনেহী লাজৰ ওৰণি চিকুণীৰাণীৰ চোতালত জোনাকী শুকুলা সাজেৰে লাজুকীজনী নব্য ৰূপেত আয়ৈ দেহি।
22
5
272
@Nilakshi_Das_
নীলাক্ষি
4 years
নীলাঞ্জনা......। আলোকচিত্র সৌজন্য : @borah_sanju
Tweet media one
13
3
267
@Nilakshi_Das_
নীলাক্ষি
5 years
তোমাৰ চুলিৰে বৈ যাব আউলী বাউলী ফাগুনী পচোৱা...।
Tweet media one
18
5
264